__________________________________________
॥ তোমালৈ ॥
স্বপ্না ভট্টাচাৰ্য শৰ্মা
তোমাৰ নিসংগ সময়ত
শিমলু টুলা হৈ
চুই চাঁও উশাহ ,
তুমি যদি সুখৰ শুকুলা ভাল
নোপোৱা ৰক্তাভ কৰাৰ
বিনতি কৰা
মোৰ কলিজাৰ
ৰঙা তেজেৰে ,
তাতেই মই তোপনি যাম
প্ৰিয়তম তোমাৰ ছবি আঁকি ।ঠিকনা :- যোৰহাট
-----------------------
@মৃতবৎসা@
জুপিতৰা চৌধুৰী
ক্ৰমশ গৰ্ভৱতী সপোন
বোৰে/ মোৰ হৃদয়ত
খোপনি লয় প্ৰতিনিয়ত/
পৈনত অপৈনত হেপাহৰ
বীজেৰে সপোনবতী হওঁ মই/
মৃতবৎসা পোৱতীৰ দৰেই
যন্ত্ৰনাত ছটফটাওঁ মই/
মোৰ সপোন বোৰৰ
অপমৃত্যুত প্ৰতি দিন
প্ৰতি ৰাতি মাতাল হওঁ
মই/ আহঃ সপোন মোক
যেতিয়াই তেতিয়াই
নকৰিবি আমনি/ মোৰ হৃদয়ত
অনাধিকাৰ প্ৰবেশ
নকৰিবি/ ও সপোন তোৰ
অশৰীৰি আৱেশেৰে দূৰে দূৰেই
ভৰুণ কৰি তোল মোক l
ঠিকনা :- বৰপেটা
----------------------
::::::বৰষুণ
ভালপোৱা ছোৱালীজনী::::::
ණ ৰঞ্জন বর্মন
তুমি বৰষুণ ভাল
পোৱা সেইবাবেই তোমাক
ভাল লাগে অথচ এজাক
সিমসিমীয়া বৰষুণত
তিতিলেই তোমাৰ
পানীলগা জ্বৰ হয় ।
ব্যস্ত মহানগৰৰ পদপথত
ৰৈ তুমি বৰষুণত তিতিছিলা
আনকি মূল্যবৃদ্ধিৰে গ্রাহ
কৰা মোৰ সৰু চহৰখনিতো
তুমি দুহাত মেলি বৰষুণত
তিতিছা সেইবাবেই
তোমাক ভাল লাগে আৰু ভাল
লগাবোৰ বাঢ়ি গলেই
চাগে ভালপোৱা হয়....।
তুমি বৰষুণ ভালপোৱা বাবেই
মই মেঘ
হ’বলৈ চেষ্টা কৰিলোঁ... আৰু
তোমাৰ বুকুলৈ নমাই
আনিলোঁ এজাক
সেউজীয়া বৰষুণ হৈ...।
তুমি বৰষুণত তিতি উন্মাদ
হলা বিলীন হ’ব খুজিলা মোৰ
বুকুত... আৰু এদিন মোৰ
বুকুৰে উজাই
আহি আহি তুমি জোনক ল’গ
পালা ।
জোনে তোমাক পোহৰ
দিলে,
মৰম দিলে..., ভালপোৱাৰ
চুমা দিলে...
তোমাৰো ক্রমে জোনক ভাল
লগা হৈ আহিল আৰু ভাল
ল’গাবোৰ বাঢ়ি গলেই দেখুন
ভালপোৱা হয়.....।
তুমি মোক এৰিব নোৱাৰা
কাৰণ তুমি বৰষুণ ভালপোৱা...
আৰু তুমি জোনকো এৰিব
নোৱাৰা কাৰণ
জোনে তোমাক জোনাক
দিছে...।
এতিয়া তুমিয়ে কোৱা
য’ত জোনাক থকিব
তাতজানো মেঘবোৰৰ অপমৃত্যু
নহ’ব.....???
ঠিকনা :- লক্ষীমপুৰ
-----------------------
॥ হৃদয়॥
যাযাবৰ স্পন্দন
এনেকৈয়ে থমকি ৰয় হৃদয়ৰ
ধপধপনি.. মানে কি জানা..??
বাহিৰৰ বতাহ জাকত কঁপিছে,
খিৰিকীৰ
পৰ্দাখনি উভতনি যাত্ৰাত
কোনো যে নাই লগৰী বুলি
মাঁথো অকলশৰে গৈ আছে,দ্ৰুতবেগী ৰেলখনি চৌপাশত
সেউজীয়া যেন লগা, জীবনৰ
মৰীচিকা খেদি
তাৰ ভাবনাতেই পাৰ হৈছে,
বহুতো নলা- নৰ্মদাৰ হাঁহি
দ্ৰুতবেগী বাছখনৰ চিৎকাৰ,
ব্যস্ত ৰাজপথত আজি..
তথাপি কাণসাৰ নাই,
বৰষুণজাকৰ আজি মাঁথো দূৰ
দিগন্তলৈ বৈ গৈছে এখনি নদী তাৰ
মোহনাত ভালপোৱাৰ
প্ৰতিশ্ৰুতি...
ঠিকনা :-
-----------------------
॥ সোঁৱৰণী ॥
সঞ্জীৱ বৰুৱা
এটি শব্দ নহয়
মাথো সোঁৱৰণী
জীৱনৰ এক নিভাজ কলাজ ,
ইতিহাসে ৰিঙিয়াই
মহীৰূহৰ
চিৰসেউজ মোৰ
সেউজীয়া পাতত !
তেজৰ আপোন নহলেও
আপোন আছিল হৃদয়ৰ
শিকাইছিল জীৱনৰ আদিপাঠ
কুঢ়িঁপাতৰ পাতত নহলেও
জীৱনৰ পাতত ,
জীয়া মানুহৰ বণাৰ্ধ্য
কাহিনী ।
আজি হয়টো নাই তেওঁ
কৰিব পাৰে যাত্ৰা
অসীমৰ পৃথিৱীলৈ ,
থাকি যাব চিৰদিন
জীৱনৰে এক মহীৰূহ হৈ ।
( শ্ৰদ্ধাৰে ককা প্ৰয়াত
দেবানন্দ মহন দেৱৰ চৰণত ) —
ঠিকনা :- গেলেকী,নাজিৰা।
----------------------
|| দুঃস্বপ্ন ||
-অভিজিৎ শইকীয়া (জোনাক)
এটি ৰজনীৰ বিষাদ
ক'লা স্বপ্ন.../
ভাঁহি উঠে অমাৱশ্যাৰ.../
ঘন কলা আন্ধাৰত.../
নাজানো কি সুৰৰ
মূর্ছনা উঠি.../ কোবাই আছিল
মন দুর্গৰ.../ সীমাহীণ
প্রতিধ্বনি.../ নিমিষতে স্তব্ধ
হৈ যোৱা.../ নানা আতংকৰ
আর্তনাদে.../
জীৱন তৃষ্ণাৰ বিষাদ ক্ষণ
গণি.../ এপলকত স্তব্ধ
হৈ পৰিছিল.../ নিজম
নিশা প্রকৃতি.../
ভাগি যায় মন.../
সেই দুঃস্বপ্নৰ মোহনাত.../ আৰু
নীৰৱে ভাৱি ৰঁও.../
এৰি অহা এটি ৰজনীৰ.../
বিষাদ কাতৰ স্বপ্নক...||
ঠিকনা:- পাঞ্জাৱাৰী,গুৱাহাটী।
-----------------------
॥ ঈশ্বৰলৈ চিঠি ॥
মনোজ ঠাকুৰীয়া
ঈশ্বৰ ,
তুমি কিয় এনে নিষ্ঠুৰ
কোৱানা আৰ্তৰ আৰ্তি তুমি
কিয় বাৰু নুশুনা .....।
ব্ৰহ্মপুত্ৰই সুতি সলাল
সিদিনা নিচলাৰ
ভেটিটোৰ বাবে যাৰ
অন্তহীন লালসা.....।
নিতৌ আমিও তোমাৰ ভজন-
কীৰ্তন কৰিছো.....
অন্তৰৰ ভকতি ঢালি
সেৱা -সৎকাৰ যাচিছো....
তথাপি কিয়
তুমি নিৰ্বিকাৰ
তোমাকতো নকৰো আমি
কদাপিও অস্বীকাৰ .....।
ব্ৰহ্মপুত্ৰই সুঁতি সলাল
সিদিনা নিচলাৰ
ভেটিটোৰ বাবে যাৰ
অন্তহীন লালসা.....।
নৈবেদ্যত সোণৰ বিস্কুত দিওঁ
বাৰু কেনেকৈ অৰ্দ্ধাহাৰ-
অনাহাৰে
আমি বাচি আছো যেনেকৈ ......।
মন্দিৰ -মছজিদত আমি
লাখৰ ঘৰত দান দিব পৰা নাই
ভকতিত আমিও কিন্তু
পিছপৰি থকা নাই ....।
ব্ৰহ্মপুত্ৰই সুঁতি সলাল
সিদিনা নিচলাৰ
ভেটিতোৰ বাবে অন্তহীন
লালসা....।
কলাধনৰ ভৰাল এটা থকা হয়
ষোড়শোপচাৰ গোটাই
মহাভোগ দিলো হয়.....।
কিহেৰে বন্দোনো বাৰু
তুমিয়েই কোৱানা....
কেঁচা তেজৰ আশা কিন্তু
সদায় হব নিৰাশা......।
নিৰিহ -নিৰ্বাক জন্তু
বলি দিব নোৱাৰি ....
তুমিতো নোহোৱা ঈশ্বৰ
তেজপিয়া বাদুলি.....।
শাস্ত্ৰৰ নীতি - বচন
দোহাৰি মন্দিৰৰ
কচাইবোৰে সদায় কিন্তু
চেলেকে কোৱাৰি.....।
ব্ৰহ্মপুত্ৰই সুঁতি সলাল
সিদিনা নিচলাৰ
ভেটিতোৰ বাবে অন্তহীন
লালসা.....।
হে জগদীশ্বৰ,
তুমিতো নজনাৰ
কথা নাহে বনৰীয়া আলু -কচুৰ
মহান্নৰে দুখীয়াৰ ৰাজভোগ
প্ৰতিদিনে.....।
কণাৰ লাখুটি হৈ
পো এটি থকা হয় .....
নিচলাই ভকতি বলে
যদি তোমাৰ
পদধূলা পালো হয়.....।
ব্ৰহ্মপুত্ৰই সুঁতি সলাল
সিদিনা নিচলাৰ
ভেটিতোৰ বাবে অন্তহীন
লালসা.....।
জীৱন নাটৰ এই সামৰণিৰ
বেলিকা ঘৰ-মাটি ব্ৰহ্মপুত্ৰক
সপি দি বুঢ়া-বুঢ়ী কত যাওঁ
এতিয়া .....।
তুমি জানো দীনদয়াল
নোহোৱা দুখীয়াৰ দুখ
তুমি কিয় বাৰু নেদেখা .....।
তোমাৰ মানতো আমি
অস্পৃশ্য নেকি বাৰু ....
এনে অভজা কথা
আমি কিন্তু
সপোনটো নাভাবো.....।
ব্ৰহ্মপুত্ৰই সুঁতি সলাল
সিদিনা নিচলাৰ
ভেটিতোৰ বাবে অন্তহীন
লালসা.....।
আমি বাৰু কত
গৈ কি কৰো এতিয়া আমি বাৰু
কেনেদৰে কত
মৰো এতিয়া .....।
কত মৰো এতিয়া
কত মৰো এতিয়া ...॥
ঠিকনা :-
_____________________
॥মেঘৰ চকুলো॥
মিৰাজল ৰছিদ
তুমি শেৱালি
মই নিশা উজাগৰে
তোমাৰ সুৱাসত মতলীয়া
তৰাবোৰ চোৱাছোন
সিহঁত ভাগৰুৱা
হয়তো ক্ষন্তেক পিছত
সৰি পৰিব এটা এটাকৈ ধৰাত
ভাগৰুৱা ময়ো
আহাঁচোন তোমাৰ বাহুত মূৰ
গুজি জিৰাওঁ ক্ষন্তেক
নাহিলা তুমি
নিৰৱ নিশা অকলশৰে মই
আজি শেৱালিও ফুলা নাই
জানা (শৰত্ গ'ল হ'বলা !)
তৰাবোৰো নাই
লাজতে নে ভাগৰতে নাজানো জোন
জনীও লুকাল
আকাশখন সেমেকিছে আজি
মেঘে কান্দিছে?
....এজাক বৰষুণ নামিল
মোৰ
দুচকুৰে নিগৰিছে চকুলোৰ
সোঁত ।(তোমাৰ স্মৃতিত?) *
ঠিকনা :- হাজো, কামৰূপ
-----------------------
# আভাস #
জোনালী মজুমদাৰ
সুগন্ধিময় আবেলিটোত
চম্পাফুলৰ সুবাসেৰে
মিলন হবলৈ ধৰা
মোৰ মনটো
উচপ খাই উঠিছিল
বিজুলী ঢেৰকনিৰ গৰ্জনিত ।
বৰষুণ আহিব বুলি
আভাস এটি পোৱাৰ সময়ত
মোৰ ওঠেৰে নিগৰিছিল
মিচিকিয়া এটি হাঁহি শুকাবলৈ ধৰা পথাৰখন
জীপাল হোৱাৰ আনন্দত ।
মন আকাশত মই
সতৰঙী ৰামধেনু আকিছিলো ।
অনুভৱ কৰিছিলো
মোৰ হেপাহৰ
সেউজীয়া দলিচাখনত সুৰ্যৰ
সোনালী কিৰণ ,
মোৰ কাজলসনা দুচকুত
সুখৰ আৱাহন ।।
ঠিকনা :- গুৱাহাটী ।
-------------------------
॥ বাস্তৱ॥
ৰাজশ্ৰী বৰগোহাঁই
মহঙা দিনৰ এই
যে এটা অভিশপ্ত প্ৰভাত...
শংখধ্বনিত নিতাল মাৰে।
ঢং ঢং ঢং
ডবা কাঁহ বাজে,
বাজি জীণ যায়।
ডাক দি দি অৱশ হয় সময়,
কপালত উতলে
তাৰ
তেজৰ গৰম ফোঁট।
ঠিকনা :- নাজিৰা ।
-----------------------
॥ নিষিদ্ধ পুজাৰ ফুল ॥
জ্যোতি পি চি শইকীয়া
ধুমুহাৰ অন্তত ,
বিধস্ত হৈ খহি পৰিল
আকাশৰ পপীয়া(?)-তৰা এটি ।
কোলাত
নিষিদ্ধ পুজাৰ
এপাহ নিস্পাপ ফুল ।
---------------------------
% বিমূৰ্ত নিশা %
অংকুৰ জ্যোতি বুঢ়াগোহাই
মই খেতিয়কৰ ল'ৰা ।/
খোজত অংকুৰিত হয়
সেউজীয়া উপত্যকা ।/
আজি মোৰ হাঁতৰ চিফুঙৰ সুৰত,
আশাৰ সাতোৰঙ সানি মাজ
পথাৰত
লখিমীয়ে হালে জালে /
থুৰ মেলা শষ্যত লাগি আছে,
মোৰ বহু সপোন/
ই যেন কেৱল শষ্য নহয় ।/
শৰীৰক
লুণীয়া ঘামেৰে তুলি তালি ডাঙৰ
কৰা হেঁপাহৰ ভ্ৰুণ ।/
আমাৰ
পোণাটো এতিয়া বৰতো হ'ল।/
চিনিব পৰা হ'ল ন-কামিজ ।/
যোৱা বছৰ চোলা দিব
নোৱাৰাৰ বাবে তাৰ
খঙ............... /
আৰু নো কি ক'ম !
ক্ৰমে এপল এপল কৈ,
গভীৰ
হৈ অহা এন্ধাৰে তোমাৰ
কথা বৰকৈ মনত পেলাই ।/
প্ৰতিটো নিশা মই
আকাশলৈ চাওঁ ।/
মোৰ সন্মুখত যেন এডাল
ক'লা প্ৰকাণ্ড অজগৰ সাপ ।
ঠিকনাঃ তিতাবৰ, যোৰহাট
------------------------
:::::: অচিন পখী ::::::
মনজিত্ শইকীয়া
অচিনাকী বতাহচাটিয়ে দি গ'ল
এটি চিনাকী সুবাস,,,
আত্মীয়তাৰ জোনাকীজাক
উৰিল মোৰ চৌপাশে সজাৰ
বান্ধোন চিঙিব
খোজে অভিমানী মইনাটিয়ে,,,
ব্যৰ্থিত
হৃদয়ে উচুপি উঠে সৰি পৰে এটি দুটি ক্ষত
পাখি মুক্তিৰ সপোন
আধৰুৱা হৈ ৰব কৈ গ'ল মৃদু
সমীৰণে,,,
গুণ
গুণনি এটা ভাঁহি আহিছে নিৰ্জনতা ভেদি,,,
অচিন চিনাকী এটি সুৰ,,,,
গুঞ্জৰিত কৰি মোৰ জীৱন
বীণা পাৰ হৈ গ'ল সুপ্ত সুৰর
লহমাৰে ।
ঠিকনা :- বগীনদী , লক্ষিমপুৰ
________________________
॥ নিদ্ৰাত শব্দ ॥
পৰাগ বৰুৱা
লিখোবুলি ভাবিও
লিখিব নোৱাৰোঁ
দীঘলিয়া কবিতা।
তোৰ কুলাতে শুই পৰে
মোৰ হেজাৰ-কুটি
শব্দৰ কণিকা।
তোৰ নিচুকনিত লাল-কাল
দিয়া
শব্দ বোৰে,
আশাৰ সপোন দেখি,
উজনি মাছৰ দৰে
দেউপাৰিছে।
ঠিকনা :- শিৱসাগৰ
-----------------------
॥বেশ্যা॥
হিমাংশু চহৰীয়া
আজি মৃত্যু হব
তাইৰ যৌৱন
পুস্থ শৰীৰৰ
প্ৰতিটো নিশাৰ দৰে
সন্ধিয়াৰ আন্ধাৰৰ
লগে লগে সাৰ
পাই উঠিব এদল
কেছা মঙহৰ
লোভীয়া দানৱ
সিহঁত বোৰে তাইৰ
শৰীৰত চলাব
পাশৱীক অত্যাচাৰ
তাই চিঞৰক আওঁ
কৰি চলাই যাব
সিহঁতৰ কামনাৰ যাত্ৰা
সিহঁতলে বৰ দুখ লাগে
কেতিয়াবা পেটৰ
তাৰণাত
কেতিয়াবা আকৌ সিহঁত
বোৰ
বন্দী হয় আমাৰ পলোভনৰ
আৰু যাত্ৰা কৰিব
লগিয়া হয় এই
আন্ধাৰ জগতত
আমি বোৰেই হয়টো
সৃষ্টি কৰিছোঁ সিহঁতক।
ঠিকনা :- গুৱাহাটী ।
_____________________
*মোৰ আজলি কনেং*
দিপানীতা ৰাজখোৱা
সোৱণশিৰি তই বৈ যা মোৰ হৃদয়ৰ
মাজেৰে লুইতক কৈ যাবি মোৰ মনৰ
গোপন কথা , সৌ চিৰি লুইতৰ
পাৰতেই মোৰ কনেং জনী আজিও
আছেনে বাৰু
মোৰ মৰমকে সাবটি
।
তাইৰ হাতৰ সেই ৰিবিগাচেং খনিৰ
সুবাস নোপোৱা বহু দিনেই হ'ল । আপংৰ
বাতিটো আজি বৰকৈ মনত পৰিছে ,
ৰিনি ৰিনি শুনিছো ঐনিতমৰ
সুৰীয়া গীত ।
গুমৰাগ নাচৰ চেৱত
মোৰ কনেংৰ দেহত যৌৱনে হাঁহে ডবুৰ
গীতৰ তালত কপে ধৰনী ।
কাংকানলৈ বাট চাই চাগে তাই
ভাগৰি পৰিছে
মোৰ আজলি ৰুপহী জনীৰ
দুচকু চাগে চকুলোৱে আৱৰিছে ।
মোৰো হৃদয়ত বাজিছে
দূৰৈ পথাৰত কোনোবা
গৰখীয়াৰ বাঁহীৰ কৰুণ সুৰ ।
______________________
॥দুটি স্তৱক॥
জাহ্নৱী শিলপনীয়া
(১)
তোমাৰ দুচকুৰ সপোনৰ ভাষাই/
মোক উন্মনা কৰে.../
চৰাই এজনী হৈ তোমাৰ কাষ
পাবলৈ/ মনে প্ৰতিপল
হাহাকাৰ কৰে ।
(২)
জীৱনৰ ধূলিয়ৰী বাটৰ/
অপ্ৰাপ্তিৰ ইতিহাস
মচি নিয়া/ তুমি যে এজাক
সপোনৰ বৰষুণ ।
ঠিকনা :- ডিব্ৰুগড়
-----------------------
>মূখা <
ৰূপান্তৰ গগৈ
চকু থাকি অন্ধ হ'লো ,
কাষত পায় নিচিনিলো ।
মৰম, মৰম বুলি
বিষৰ তৃপ্তি ল'লো...
আজিহে বুজিলো
তোমাক হেৰুৱাই নহয়,
এদিন কাষত পোৱাৰ
বাবেহে কান্দিছো ।
দুদিনৰ চিনাকিতে আপোন
লাগিলে ,
পাখিলগা মনে উৰিব
শিকিলে । সপোন, সপোন
বুলি
দুচকু মেলিয়ে দেখিলে...
আজিহে সাৰ পালো
সপোন যেতিয়া ভাগিলে ,
কান্দিছো সপোনৰ
বাবে নহয় আশা থাকিলে
নেদেখা দূৰ চাবলৈ ।
ঠিকনা:- চাবুৱা।
-----------------------
॥ জীয়া জ্বুই ॥
নিপম কোচ
মেঘ ডাৱৰহৈ বৰষা মোৰ
বুকুত
বুকুত মোৰ একুৰা জ্বলন্ত জ্বুই
অহৰহ,
এদিন এসাগৰ
দুখদি যি জ্বলাই থৈ গল !
জ্বলি আছে অক্ষয় বন্তিৰ
দৰে আজিও |
হে মেঘ !
এতিয়া মই তোমাৰ
অপেক্ষাত মাথো |
এতিয়া এজাক
বৰষুণহৈ বৰষা মোৰ বুকু !
শাত পৰক মোৰ
কলিজাটো !
হে মেঘ বৰষা এজাক
বৰষুণহৈ,
ইচ্ছামতে তিতিম
কান্দিব পাৰিম হেপাহ
পলোৱাই
আনে নেদেখাকৈ অন্তঃত।
হে মেঘ বৰষা এজাক
বৰষুণহৈ ||
ঠিকনা : ডিগবৈ।
----------------------
॥ শব্দবোৰ যাদু ॥
দ্বীপজ্যোতি বৰা
প্ৰতিটো শব্দই
সময়ে বিচাৰি পোৱাটো
বৰ কঠিন হৈ পৰে
জিভাৰ কম্পনতেই
সৃষ্টি হয় শব্দৰ
শব্দই আমাক শিকাই
বিশৃংখলতাৰ
বিপৰীতে মালাধাৰীৰ
স্পৰ্শকাতৰ নিজস্ব
চিন্তাধাৰাৰ সংশ্পষত
নম্ৰতাৰে সৃষ্টি হয় শব্দৰ
যেতিয়া অসফল হওঁ
বিকৃত ৰূপ লয় শব্দই
যাৰ শব্দৰ ভৰালঁ চহকী প্ৰয়োজন
অনুসৰি
কবিতা বা গদ্যৰে
শব্দৰ যাদু দেখুৱাব পাৰে এই
শব্দৰ যাদুত
কম্পন হয় আমাৰ দেহ শব্দবোৰ
যেতিয়া অকলশৰীয়া হয়
মৌন হৈ নিৰৱে উচুপে
হয়
শব্দবোৰ মগজুৰ যাদু
বিশেষ শব্দবোৰে
সুন্দৰ কবিতাৰ ৰূপ লয় কিছুমান
লেহেমীয়া কিছুমান তীব্ৰ
যেন শব্দবোৰ মগজুৰ খোৰাক
সেয়ে শব্দবোৰ
ভাবাত্মকহৈ আমাক
ভাৱনা সাগৰৰ পাৰলৈ হাত
বাউলী মাতে
শব্দৰ যাদু চাবলৈ ॥
প্ৰতিটো শব্দই
সময়ে বিচাৰি পোৱাটো
বৰ কঠিন হৈ পৰে
জিভাৰ কম্পনতেই
সৃষ্টি হয় শব্দৰ
শব্দই আমাক শিকাই
বিশৃংখলতাৰ
বিপৰীতে মালাধাৰীৰ
স্পৰ্শকাতৰ নিজস্ব
চিন্তাধাৰাৰ সংশ্পষত
নম্ৰতাৰে সৃষ্টি হয় শব্দৰ
যেতিয়া অসফল হওঁ
বিকৃত ৰূপ লয় শব্দই
যাৰ শব্দৰ ভৰালঁ চহকী প্ৰয়োজন
অনুসৰি
কবিতা বা গদ্যৰে
শব্দৰ যাদু দেখুৱাব পাৰে এই
শব্দৰ যাদুত
কম্পন হয় আমাৰ দেহ শব্দবোৰ
যেতিয়া অকলশৰীয়া হয়
মৌন হৈ নিৰৱে উচুপে
হয়
শব্দবোৰ মগজুৰ যাদু
বিশেষ শব্দবোৰে
সুন্দৰ কবিতাৰ ৰূপ লয় কিছুমান
লেহেমীয়া কিছুমান তীব্ৰ
যেন শব্দবোৰ মগজুৰ খোৰাক
সেয়ে শব্দবোৰ
ভাবাত্মকহৈ আমাক
ভাৱনা সাগৰৰ পাৰলৈ হাত
বাউলী মাতে
শব্দৰ যাদু চাবলৈ ॥
ঠিকনা :- নগাঁও
------------------------
«তোমাক ভাল
পোৱাটোৱেই মোৰ দোষ
আছিল নেকি »
অৰুপ কুমাৰ বৈশ্য
তোমাক ভাল
পোৱাৰে পৰা
মোৰ হৃদয়ত উত্তাল কৰিছিল
এজাক হালধীয়া বিষাদে ।
কল্পনাৰ
ডেউকা মেলি উৰি অহা নাছিল
মোৰ সপোনৰ চৰাই ।
নৈ খনে গোৱা নাছিল কুলু-
কুলু গান ।
প্রভাতি চৰাইৰ অপূর্ব তানত
সাৰ পোৱা নাছিল
নিদ্রাৰত ৰাতিপুৱা ।
তোমাক হেৰুৱাৰ পৰাই
আকোঁৱালী লৈছিল মোক
নিঃ সংগতাই ।
বতাহে দিছিল গোপন চুমা ।
পাখি মেলি উৰি অহা নাছিল
নীলা খামৰ চিঠি ।
নাজানো,
তোমাক ভাল
পোৱাটোৱে মোৰ দোষ
আছিল নেকি ?
______________________
॥ আপেক্ষা ॥
নিভা গগৈ
এজাক ধুমুহাৰ আপেক্ষাত...
ৰৈ আছো....
হয়তু..তেতিয়া..!!
এদিনৰ বাবে হলেও..
তুমি সুধিবা..
ভালে আছানে ???
---------------------------
''হেৰুৱাৰ মাদকতা''
খিলনজ্যোতি ধাদুমীয়া
জন্মৰ লগে লগে
মই আইৰ গৰ্ভ হেৰুৱালো...
তাৰ অভাৱে মোক
হেঁচা মাৰি নধৰিলে ।
ডাঙৰ হ'বলৈ গৈ মই শৈশৱ
হেৰুৱালো
দুখ কিন্তু লাগিছিল অলপ ।
এতিয়া কলেজীয়া সময়বোৰ
আৰু বিশেষকৈ তোমাক
হেৰুৱালো
মোৰ তাত দুখ আছেনে নাই
তাক নজনাকৈয়ে
পাৰ কৰিছো দিনৰ পিছত দিন
।
-----------------------
॥ ছবি॥
হৰিস্মৃতা বৰুৱা
হৃদয়ত আজিও এখন
ছবি অকা আছে মৰমত
সাছিঁ থোৱা আছে বুকুৰ
মাজত অযুত হেপাহত ,
যি ছবিত তোমাৰ মোৰ
কৈশোৰ কালত কৰা
হাঁহি ধেমালিবোৰ কল্পনাত
আশা কৰা সপোনবোৰ
বালিত
সজা ঘৰটি তুমি মৰমতে কৈছিলা বালিঘৰটি দেখাই
এয়াই
জানো আমাৰ সপোন
নহয় নে দুচকুত হেপাহ
জাগিছিল মনত ফুলি
উঠিছিল সেই ঘৰটি লৈ ।
ঠিকনা:- ডিব্ৰুগড়
-----------------------
॥ জিল মিল নীলাঞ্জনা ॥
© শান্তনু কৌশিক মহন
অ' মোৰ নীলাঞ্জনা জনী
আজি তোমাৰ স্মৃতিয়ে
বৰ আমনি দিছে অ' !
মোৰ বাবে তুমিয়েই
জানো কথা দিয়া নাছিলা
এটি সেউজীয়া সপোনৰ ,
কিন্তু ৰঙৰ অভাৱত
জিলিকি উঠিব
নোৱাৰিলো
তুমি ভৱাৰ দৰে
জনা নাছিলো এটি
গভীৰ সমন্ধই যে
সচাঁ হৃদয়ৰ মৰমৰ বাহিৰেও
কিবা বিচাৰিব বুলি !
সময়ৰ সোঁতত উটি গৈ
বিলীন হবাগৈ কাৰোবাৰ
হৃদয়ৰ মাজত তুমি ,
হয়টো সেই সময়ৰ তুলনাত
এটা বিন্দুহে মই ,
যাৰ কাৰণে দাবী কৰিব
নোৱাৰিলো মোৰ
সৰলতা তোমাক
তুমি আজি
ৰঙা গোলাপৰ লগৰী ,
দুবৰীবনৰ হৰিণীজনী
কিন্তু মই একুৰা বনজুইৰ
লগৰী এতিয়া মাথো ভাল
পাব শিকিছো অমানিশাৰ
শেষ ৰাতিবোৰ পাহৰিব
বিচাৰিছো
জিলমিল নীলাঞ্জনাৰ
মৰিচিকাৰ ৰেহৰুপৰ অভিনয়
ঠিকনা :- দক্ষিণ মৰাণজান ,শিৱসাগৰ
------------------------
¤নস্ট হৃদয়ৰ গুপ্ত বিশাদ¤
মানস জ্যোতি কলিতা
মই
তোমাক কিমান ভালপাওঁ
তুমি হয়তো অগ্যাত ,কিন্তু মই
সকলো জানিও যেন
একোকে বুজিয়েই
নাপাও,তোমাৰ সুখেৰেই
সুখী আৰু তোমাৰ দুখেৰেই
দুখী হৈ চকুলো টুকিয়েই মই
ভাল পাওঁ,কিন্তু নিস্ঠুৰ
নিয়তেই সেয়াও সময়ৰ সুতঁত
মোৰ
পৰা কাঢ়ি লৈ গল,হয়তো এয়া সময়ৰ
বাবে পৰিসৰত নাছিল
যে তুমাক মোৰ
কৰাতো,অৰশ্যে আজিও
জীয়াই আছো মই তোমাৰ
মৰমকেই
সাৰতি,কিজানি পুনৰ পথ
ভস্ট হৈ হলেওঁ মোৰ
কাষলৈ এবাৰ
ঘূৰি আহা বুলি !!
ঠিকনা :- শিৱসাগৰ
--------------------------
॥ হৃদয়ৰ গান॥
বিতু বড়া
উন্মাদ সেই পছোৱাজাক
বুকু
ভেদি বাৰে বাৰে বৈ যায়,
কপাই থৈ যায় মন-প্ৰাণ ।
হেৰুৱাৰ বেদনা বোৰ
কঢ়িয়াই
ফুৰিলেয়ো নতুনকৈ পোৱা হাবিয়াস
আতৰা নাই । দুখৰ সোঁত
লৈ চকুপানীৰ নৈখন
বৈ আহিলেয়ো,
বাধা দিব পৰা সামৰ্থ নাই ।
ক্লান্ত শৰীৰটোক
জুৰুলা কৰি থৈ যায় ।
কেতিয়াবা জীৱনলৈ কিয়
এনেকুৱা সময়বোৰ আহে ? সুখৰ
অনুভূতিবোৰেই শেষ হৈ যায় ।
উপলব্ধি হয় ;
নিজৰ অজানিতে যেন
কলিজাটোৱে বিচাৰি ফুৰে অলপ
শান্তি , অলপ মৰম ,
গোপনে গোপনে ॥
------------------------
----------------------