---------------------------------------------------

॥॥জঘন্য কাণ্ড॥॥


প্রাণজিত কাকতি
সেইদিনাখন আছিল
দূর্গা পূজাৰ অন্তিম
দিনা তথা ভাছান। চাহ
জনজাতি লোকবিলাকৰ
উত্সৱ, বিশেষকৈ তেওঁলোকৰ
মতলীয়া সময় যিহেতু
তেওঁলোক
একেবাৰে মতলীয়া হৈ থাকে।
পূজাৰ এমাহ মানৰ
আগতে কলনী চাহ-
বাগিছাখনৰ এখন লাইনৰ
পৰা এটি শিশু নিৰুদ্দেশ
হৈছিল যিটো তাৰ
লোকবিলাকে মূৰা কটাই
ধৰি নিয়া বুলি কয়। সেই
দিনাখন এজন
অচিনাকী লোকে সেই
লাইনৰ
মাজেৰে খোজকাঢ়ি কৰবালৈ গৈছিল,
সেইটি সময় আছিল প্ৰায়
সঁন্ধিয়া সময়।
তেনে সময়তে মানুহজনে এটি কান্দি কান্দি ভাগৰি পৰা শিশুক
দেখা পালে,
ল'ৰাটো প্ৰায়
তিনি চাৰি বছৰ মানৰ
হ'ব। ল'ৰাটোক দেখি তেওঁ
ৰব নোৱাৰি তাক মাত
লগালে,
ল'ৰাটোৱে মানুহজনক
অচিনাকী দেখি ভয়তে বেছিকৈ চিঞঁৰি চিঞঁৰি কান্দিবলৈ ধৰিলে।
ল'ৰাটোৰ
মাকে ল'ৰাটোৱে বেছিকৈ কন্দা দেখি মাকে ওলাই
চাই
দেখিলে যে ল'ৰাটোৰ
ওচৰত এজন অচিনাকী মানুহ।
মানুহগৰাকীয়ে লগে লগে জুৰকৈ চিঞঁৰিব
ধৰিলে "এ...মূৰা কটা লাগি ৰে,
মূৰা কটা লাগি...
হমনিকে বাচ্চাতাকে ধৰেক
খজথি। ধৰ ৰে ধৰ...."
এইবুলি চিঞঁৰা দেখি ওচৰৰ
মানুহবোৰ ওলাই
আহি মানুহজনক
ধৰি লগে লগে মাৰিবলৈ ধৰিলে,
মানুহজনক
কথা কবলৈ কোনো সময়ে নিদিলে।
তেওঁ বাৰে বাৰে যেন
কিবা কব খুজিছিল।
এনেদৰে মাৰিবলৈ ধৰিলে যেন
তেওঁ মানুহ নহয়, হয়তো জীৱ-
জন্তুৰ লগতো তেনে ঘৃণনীয়
ব্যৱহাৰ নকৰে। তাত
এনে এজন মানুহ নুলাল
যি মানবীয়তা বুজি তেওঁনো কৰ,
কোন হয়? কিয় আহিছিল?
তেনে এটি প্রশ্ন কৰিব
পৰা এজন সুস্থ মানসিক জ্ঞান
থকা মানুহ নাছিল।
মাথো মাৰিবলৈ চাইছিল।
পেন্ট খুলিলে, চার্ট
ফালিলে,
চুলি কাটি টকলা কৰিলে,
উলংগ কৰি চুচৰালে আৰু
কি কি যে কৰিলে,
সকলোৱে যেন
মানবীয়তা পাহৰি পেলালে।
অবশেষত মানুহজনে নিজৰ দম
হেৰুৱাই পেলালে।
আনকি তেওঁৰ
শৱটোকো চুচৰাই নি নদীত
পেলাই দিলে।
তেওঁলোকে অমানবীয়তাৰ
এটি জলন্ত উদাহৰণ
দাঙি ধৰিলে। মানুহ
হিচাপে কোনো চিন
নাৰাখিলে,
সেইয়া একপ্রকাৰে হত্যা বুলি কলেও
কোনো বেয়া নহয়। সেই
মানুহ খিনীয়ে যেন পশু
ধর্মহে পালন কৰিলে।
আচলতে তেওঁলোক পশু
নে মানুহ। সেই
মানুহজনৰো হয়তো এটি পৰিয়াল,
এখনি ঘৰ, কাৰোবাৰ পিতৃ,
স্বামী, পুত্র, ককাই,ভাই
আছিল, হয়তো তেওঁ
অতিকৈ আপোন আছিল। তেওঁ
সেইদিনা মানুহ ৰ পাশৱৰ
বলী হ'ল।সেই মানুহখিনীৰ
তেনে ঘৃণনীয় জঘন্য কাণ্ড
দেখি নিজকে মানুহৰূপে ভাবিবলৈ বেয়া লাগে।
সেইটিযেন সেইখন সমাজৰ
মতলীয়া পৰিবেশৰ
পাশৱীকতাৰ এটি উত্কৃষ্ট
উদাহৰণ।
(বিঃ দ্রঃ ঘটনাটি সম্পূর্ণ
কাল্পনিক।)

আপোনাৰ মন্তব্য প্ৰদান কৰক

প্ৰস্থান কৰক
মন্তব্য :

মন্তব্য প্ৰদান কৰক

----------------------

>সচা প্ৰেমৰ ৰং<


ৰূপান্তৰ গগৈ
এখন সুখী ঘৰৰ লৰা সঞ্জীৱ ।
গাঁওৰ সৰু এটি প্ৰজাৰে সিঁহত
চাৰিটি প্ৰাণী । মাক
দেউতাক আৰু ভনীয়েকৰ লগত
মৰমেৰে ভৰা এখন ঘৰ । পথাৰত
খেতি থকা বাবে বছৰতো ঘৰৰ
চাউলে জুৰাই । সঞ্জীৱৰ দুটাই
সপোন আছিল
চৰকাৰী চাকৰি এটা কৰি মাক
দেউতাকক পাছলৈ অলপ সুখ
দিয়া । সৰুৱে পৰা মাক
দেউতাকে বহু কষ্ট কৰি সিঁহতৰ
প্ৰয়োজন পূৰ কৰিলে । আৰু এজন
ভাল লৰা চাই এখন সুখী ঘৰত
ভনীয়েকক বিয়া দিয়া । এই
ক্ষেত্ৰত তাক বিষেশ সহায়
আগবঢ়ালে এক কালৰ কলেজৰ
বান্ধৱী প্ৰিয়াই । তাই বহু
ধনী ঘৰৰ জীয়াৰি । দেউতাকৰ
হাতত বহু ডাঙৰ ডাঙৰ মানুহ
আছে । তাই সঞ্জীৱক দেউতাকক
লগ কৰালে । সঞ্জীৱৰ ভাল
স্বভাৱ ব্যৱহাৰ দেখি আৰু
প্ৰিয়া অনুৰোধত দেউতাকৰ
এটা ফোনত
সঞ্জীৱে চাকৰি পালে ।
লাহে লাহে সিহঁতৰ বন্ধুত্ব
প্ৰেমলৈ ৰূপান্তৰ হয় । সিহঁতৰ
ঘৰতো কোনো আপত্তি নাছিল
। কাৰণ প্ৰিয়া দেউতাক
টকা অভাৱ নাই কিন্তু
প্ৰিয়ালৈ এজন সান্ত ভাল
স্বভাৱৰ লৰা লাগে । এই
সকলো গুণ সঞ্জীৱৰ আছে ।
এনেকৈয়ে সিহঁতৰ প্ৰেম
আগবাঢ়িল ।
দুয়োজনে দুয়োজনক বহুত ভাল
পায় । এতিয়া সকলো সুখী ।
সঞ্জীৱে ঘৰৰ দায়িত্ব লগত
প্ৰিয়াকো নিজৰ জীৱনৰ
লগৰি হিচাপে পালে ।

সঞ্জীৱ আৰু প্ৰিয়াই দুয়োজনক
ইমানে ভাল পাইছিল
যে সিহঁতৰ প্ৰেমৰ
কোনো সীমা নাছিল ।
সঞ্জীৱে তাৰ ভনীয়েক
বিয়া দিলে । লৰাজন
ইমানেই ভাল আছিল
যে সঞ্জীৱৰ মাক বাপেকক
নিজৰ আপোনতকৈও আপোন
কৰি লৈছিল । সেই সময়
সঞ্জীৱৰ বাবে বহু ভাল আছিল
সকলো সি বিচৰা দৰে হৈ গৈছিল
। ঘৰত
সকলোৱে বিচৰা দৰে এতিয়া তাৰ
বিয়াখন পাতিব হল । প্ৰিয়াই
তাৰ প্ৰথম ভাল
পোৱা সচা প্ৰেম আৰু
তাইকে জীৱনৰ
লগৰী হিচাপে পাইছে ।
ইয়াতকৈ আৰু সুখ কি হব পাৰে ।
এদিন সি নিজকে অলপ দুৰ্বল
যেন পোৱাত ডাক্টৰ ওচৰলৈ গল
। আৰু সি তাৰ
পৰা আহি মানুহটো একেবাৰে সলনি হল
। দুদিনমান প্ৰিয়াক
লগো কৰিব বিচৰা নাই ।
তাই নিজে আহি সঞ্জীৱক লগ
কৰিলে । কিন্তু সি তাই
চকুলৈও এবাৰ নাচালে ।
সি তাইক কলে মই তোমাক
ভাল নাপাওঁ মই
মাথো তোমাৰ ব্যৱহাৰ
কৰিলো মোৰ প্ৰয়োজনৰ সময়ত

প্ৰিয়া একেবাৰে ভাগি পৰিল
তাই বহুত কান্দিলে আৰু
কান্দি কান্দিয়ে ঘৰলৈ গুচি গল
। হঠাৎ সঞ্জীৱ সলনিৰ এনে ৰূপ
দেখি সকলো আচৰিত আছিল ।
সকলোৱ মূখত হাজাৰ প্ৰশ্ন ।
প্ৰিয়া ছোৱালীজনীয়ে কিবা বেয়া আছিলনে না সঞ্জীৱে নিজৰ
স্বাৰ্থ বাবে তাইক ভাল
পাইছিল । কিন্তু
সঞ্জীৱে একো উত্তৰ
নিদিয়ে ।

লাহে লাহে প্ৰিয়াই
সঞ্জীৱক ঘৃণা কৰিব ধৰিলে ।
তেতিয়া সঞ্জীৱ কান্দিছিল
দুটি চকুৱে চকুলো বোৱাই ।
কিন্তু সি এটা শান্তিও অনুভৱ
কৰিছিল কাৰণ প্ৰিয়াই তাক
পাহৰি গৈছে । প্ৰিয়া ঘৰৰ
মানুহে তাইক বহু
বুজনী দি বিয়া দিলে আন এজন
ভাল লৰা বিচাৰি ।
সেইদিনা সঞ্জীৱে বহুত
কান্দিছিল তাইক
নোপোৱা হৈ নহয়, মাক
দেউতাকৰ মূখলৈ চাই । আৰু
ৰাতি সি এখন কাগজত তাৰ
প্ৰকাশ কৰিব নোৱাৰা দুখৰ
ভাষাবোৰ লিখিব ল'লে ।
মা-দেউতা মই আপোনালোকক
বহুত ভাল পাওঁ । সেয়ে মই
আগতিয়াকৈ মোৰ খবৰ দি দুখ
দিব বিচৰা নাছিলো ।
প্ৰিয়া মই জানো তুমি মোক
বহুত ভাল পাইছিলা ।মোক
ক্ষমা কৰিবা তোমাক মই
অপমান কৰিলো ।
ন'হলে তুমি তোমাৰ ভাল
পোৱাক হয়তো সয্য কৰিব
নোৱাৰিলা হয় । কিন্তু
এতিয়া তুমি আন এখন ঘৰৰ
বোৱাৰি মোৰ ওচৰত
আহি তোমাৰ কান্দিবলৈও
বাট নাই ।
সেইদিনা ডাক্টৰে মোক
কিছুদিনৰ সময় দিছিল ।
বুলে মোৰ কেন্সাৰ আছে কিন্তু
কোনোদিনে মই
একো বেয়া কাম
কৰা নাছিলো । মই নিজেও
নাজানো কেনেকৈ কি হল ।
মোক ক্ষমা কৰিব সকলোৱে মই
আপোনালোকৰ সপোনবোৰ পূৰ
কৰিব নোৱাৰিলো ।
পূৱা যেতিয়া এই প্ৰত্ৰ পঢ়িব
মই আপোনালোকৰ পৰা বহু
দূৰলৈ আতঁৰি গৈছো । আৰু
সি জলজলীয়া চকুজুৰি লৈ বিচনাত
পৰিল ।


ঠিকনা :- চাবুৱা
----------------------------

এমুঠি ধূঁলিত জীৱনৰ উত্তাপ


কপিল দাস
হোষ্টেলৰ চাৰিবেৰৰ মাজত
ভাস্বতীৰ
নিজকে এজনী আত্মাভিন্ন
অনাথিনি যেন লাগিল
দিনটোৰ মোহ
এৰি বেলিটোৱে পশ্চিমৰ
শেষ প্ৰান্তত উপস্থিত হোঁৱাৰ
সুন্দৰ
দৃশ্যাৱলী খিৰিকীৰে আহি চকুৰ
পৰিল তাইৰ শীতৰ সন্ধিয়াৰ
প্ৰাকক্ষনত ডাৱৰৰ
কণাবোৰে দূৱৰিৰ দেহত
মুকুতা আঁকিবলৈ প্ৰায় সাজু
হোৱা যেন লাগিছিল
দূৱৰি বনবোৰেওঁ যেন
দিনটোৰ প্ৰখৰ ৰদৰ অন্তত
তৃষ্ণা নিবাৰণ
কৰিবলৈ নিয়ৰৰ কণাৰ
সৈতে আলিংগণৰ
বাবে উত্ৰাৱল হৈছিল
হঠাতে খিৰিকীৰ পৰ্দাখন
কঁপাই এজাক
চেঁচা ফেৰফেৰীয়া বতাহে আহি ভাস্বতীক
চুই গল
বতাহজাকে লৈ অহা শৰৎৰ
শেৱালীৰ সুগন্ধিয়েওঁ তাইৰ
তন্ময়তা ভাগিবলৈ সক্ষম ন’হল
তন্ময় হৈ খিৰিকীৰে এক
অৰ্থহীন দৃষ্টিৰে চাইয়েই
থাকিল তাই
এসোপা দূখজৰ্জৰিত ভাৱনাই
এসময়ৰ তাইৰ কোমল অন্তৰখনত
খুন্দিয়াই থাকিল
অজানিতে দুধাৰি চকুলো তাইৰ
কোমল গালদুখনত
নিগৰি পৰিছিল যেন
ভাস্বতীৰ গধুৰ মনটোক
সামান্য পাতল কৰাৰ ব্যৰ্থ
প্ৰয়াস চকুলো দুধাৰিৰ

কামৰূপ জিলাৰ এক
ধনী পৰিয়ালত ভাস্বতীৰ জন্ম
দেউতাক কণক চন্দ্ৰ দাস বেংকৰ
এজন উচ্চপদস্থ বিষয়া মাক
ৰীতা দাস
এটা নামী সংস্থানৰ
সম্পাদিকা এজনী ভনীয়েকৰ
সৈতে ভাস্বতীহঁতৰ
পৰিয়ালটো চাৰিজনীয়া সুখী পৰিয়াল এতিয়াৰ
পৰা প্ৰায় এবছৰ আগৰ
কথাপোন্ধৰটা বসন্ত
গৰকিছে মাত্ৰ
ভাস্বতীয়ে ওচৰৰ
বেচৰকাৰী বিদ্যালয় এখনৰ
প্ৰখৰ মেধাসম্পন্ন ছাত্ৰী তাই
প্ৰকৃতিৰ নিয়ম অনুসৰি তাইৰ
অতিকৈ সুন্দৰ দেহটোত
যৌৱনৰ চিন স্পষ্ট হৈ পৰিছিল
স্কুলৰ অহা যোৱাৰ পৰত তাইক
এবাৰ
চাবলৈকে ৰৈ থকা যুৱকবোৰৰ
ইতিমধ্যে হৃদয়ৰ ৰাণীত পৰিণত
হৈছিল তাই
বিশেষকৈ কঁকালৰো কিছু
তললৈ বৈ পৰা দীঘল আৰু পোন
চুলিটাৰিয়ে তাইৰ ৰূপটোক
সোনত সুৱগা চৰাইছিল
এনেকুৱা পৰী যেন
লগা ৰূপটোৰ
বাৱে বহুতৰে তাই আকৰ্ষণৰ
কেন্দ্ৰবিন্দু হৈ পৰিছিল
তাইৰ মোহনীয় ৰূপত ভোল
গৈ বহুতো চেঙেলীয়া লৰাই
তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল
যদিওঁ পঢ়াশুনা আৰু ঘৰুৱা শাসনৰ
বাবে সেইবোৰ প্ৰত্যাখ্যান
কৰিছিল তাই কিন্তু প্ৰকৃতিৰ
নিয়ম অনুসৰি ভাস্বতীৰ
মনটোও কমোৱা তুলাৰ
দৰে উৰিবলৈ আৰম্ভ কৰিছিল
এনেতে অনুৰাগ নামৰ এজন
ল’ৰাৰ প্ৰতি বৰকৈ আকৃষ্ট হয় তাই
অনুৰাগ ওচৰৰে মহাবিদ্যালয়
এখনৰ উচ্চতৰ মাধ্যমিক দ্বিতীয়
বৰ্ষৰ ছাত্ৰ ধনী ঘৰ এখনৰ ওখ
পাখ সুন্দৰ সুৱক অনুৰাগ দেখাই
শুনাই মাত কথাই খুবেই স্মাৰ্ট
লৰাজন সাধাৰণ চিনাকিৰ
পৰাই অনুৰাগ আআৰু
ভাস্বতী দয়োৰে মাজত গভীৰ
প্ৰেমৰ সম্পক গঢ় লৈ উঠিল।

ধৰাৰ
বুকুলৈ সন্ধিয়া নামি আহিছিল
তৰাবোৰক
চাৰিওকাষে লৈ জোনটোৱে ভুমুকিয়াইছিল
ভাস্বতীয়ে আপোনমনে আকাশলৈ চাই
কিবা ভাবি এনেতে তাইৰ মোবাইলটোত
আশ্বিকী টু ৰ থিম
ছং এটি বাজি উঠিল অনুৰাগৰ
ফোন
সহাৰি দিলে ভাস্বতীয়ে-
:কোৱা জান কি কাৰি আছা ?
:আগতে তুমি কোৱা কি কৰি আছা [আবেগৰ
সুৰত কলে অনুৰাগে]
:মই আকাশৰ জোনটোলৈ চাই
তোমালৈ মনত
কৰি আছিলো আৰু তুমি ?
উৎসাহেৰে সুধিলে অনুৰাগক
:মই এতিয়া তোমাৰ
সৈতে মোবাইলত
কথা পাতি আছো -ধেমালিৰ
সুৰত ক.লে অনুৰাগে
:ধেৎ, অকৰাটো কৰোবাৰ [মৰম
অভিমানৰ সুৰ স্পষ্ট হৈছিল
ভাস্বতীৰ অনুৰাগৰ
বাবে কেতিয়াবা বুকুৰ
মাজলৈ টানি আনিবৰ মন যায়
তাইক ]
:শুনা ,মোৰ লগত
কালি এঠাইলৈ যাবানে ?
সামান্য্ গহীন
হৈ কলে অনুৰাগে
:কলৈনো যাবা আকৌ সুধিলে ভাস্বতীয়ে যদিও
মাজে সময়ে সময় মিলাই
অনুৰাগৰ সৈতে ফুৰিবলৈ যায়
তাই গ’লেও ঘৰত নজনায় তাই
:আগতে কোৱাচৈন
যাবানে কালি আবেলি ৩.৩০
মান বজাত
অনুৰাগৰ আবদাৰত না কৰিব
নোৱাৰিলে ভাস্বতীয়েকলে…..
:যাম দিয়াঅংকৰ
টিউচনটো নকৰো কালি…………
অ’কে ,থেংকছ মাই ডিয়াৰ
ছইটহাৰ্টলাভ ইউ
ছো মাছআনন্দেৰে ক’লে অনুৰাগে
:লাভ ইউ টু এতিয়া বাই
ভাস্বতীয়ে ফোনটোৰ
সংযোগ বিচ্চিন্ন কৰিলে
অনুৰাগে বাইকখন মূল
ৰাস্তাৰপৰা ফালাৰি কাটি আন
এটি উপ
পথেৰে লৈ গৈ থাকিল বাইকৰ
পিছত ল’ৰাৰ
নিচিনাকৈ বহি থকা টপ আৰ
জীনছ
পৰিহিতা ভাস্বতীয়ে সামান্য
আগুঁৱাই গৈ অনুৰাগৰ দ
ৰিলে তাইৰ কোমল দেহৰ
পৰশত অনুৰাগৰ
শৰীৰেদি বিদ্যুত তৰংগ পাৰ
হোৱা যেন অনুভৱ
কৰিলে সি কিছুসময় পিছত
সিহঁতৰ গন্তব্যস্থান
আহি পোৱাত
অনুৰাগে বাইকখন
ৰাখিলে ব্ৰহ্মপু্ত্ৰৰ দক্ষিণ
পাৰ ছাৰপ্ৰাইজ
দিবলৈকে সি ভাস্বতীক
নজনোৱাকৈ ইয়ালৈ লৈ আহিছে ভাস্বতীয়ে আনন্দত
চিয়ঁৰি উঠিল---
: বাঃ ইমান
ধুনীয়া লাগিছে কোলাহলহীন
পৰিবেশটো সৌৱা চোৱা পাহাৰৰ
শিলবোৰত ৰুণজুণ ধ্বনি তুলি গুৰু-
গম্ভীৰভাৱে বৈ আছে লুইতখনৰ
বিশাল জলৰাশি -
অনুৰাগলৈ চাই
আঙুলি টোৱালে ভাস্বতীয়ে
অনুৰাগে হাঁহিলে সি সদায়
তাইৰ উৎফুল্লিত
ৰূপটোকে মনে প্ৰাণে আশা কৰে খু্উব
মৰম কৰে তাইক
অনুৰাগে ভাস্বতীক হাত এখনত
ধৰি আগুৱাই লৈ গল তাইক
এচঁটা শিলত
বহি ল’লে দুয়োয়ে নদীৰ
পানী চুই
উঠি অহা এচাঁতি চেচাঁ ফেৰফেৰিয়া বতাহে দূয়োৰে মন
প্ৰাণ ভৰাই তুলিলে আবেগ-
বিহ্বল হৈ অনুৰাগে ভাস্বতীক
তাৰ বুকুৰ
মাজলৈ টানি আনি আলফুলে সাৱতি ধৰিলে তাইক
ভাস্বতীয়েওঁ কুঁচি-
মুঁচি হৈ তাৰ বুকুৰ মাজত
সোমাই পৰিল
এনেকুৱা আবেগিক ক্ষণত ওঁঠৰ
দুৰত্ব বজাই ৰাখিবলৈ সক্ষম
ন’হল অনুৰাগ
অথবা ভাস্বতী ভাস্বতীৰ
সহযোগীতাত
অনুৰাগে দীঘলকৈ এটি চুমা আঁকি দিলে তাইৰ
গোলাপৰ পাঁহি যেন ওঁঠযুৰীত
এটা বিষেষ মূহুৰ্তৰ
সাক্ষী হৈ ৰ’ল মহাবাহু
ব্ৰহ্মপু্ত্ৰ দুই-এটা ত এটা বিষেষ মূহুৰ্তৰ
সাক্ষী হৈ ৰ’ল মহাবাহু
ব্ৰহ্মপু্ত্ৰ দুই-এটা কথা পতাৰ
মাজতে এনেকৈ কিমান সময়
পাৰ হৈ গৈছিল
সিহঁতে উমানেই
নাপালে আবেলিৰ
সূৰুযটোৱে হেঙুলীয়া আভা বিলাই
মেলানি মাগিবলৈ লোৱাতহে সিহঁতৰ
সম্বিত ঘূৰি আহিল দুয়ো তাৰ
পৰা লৰালৰিকৈ উভতি আহিলে দিন
যোৱাৰ লগে লগে ভাস্বতীৰ
অনুৰাগৰ সৈতে থকা প্ৰেমৰ
সম্পৰ্কটোৰ কথা ভাস্বতীৰ
মাক দেউতাকৰ কাণত পৰিল
ইফালে দুয়োৰে চূড়ান্ত
পৰীক্ষা সমাগত
দেউতাকে ভাস্বতীক
ঘৰৰপৰা ওলোৱা সোমোৱা বন্ধ
কৰি দিলে সিহঁতৰ
সম্পকটো বিচ্ছিন্ন
কৰিবলৈ মানসিক ভাবেও
কিছু চাপ দিলে তাইক মাক
দেউতাকৰ প্ৰতি প্ৰচুৰ
জেদী হৈ পৰিল
ভাস্বতী কৌশলেৰে মোবাইলৰ
দ্বাৰা অনুৰাগৰ
সৈতে যোগাযোগ
কৰি থাকিল তাই
ইফালে ভাস্বতীৰ অৱস্হাটোৰ
কথা গম পাই খঙত জ্বলি উঠিল
অনুৰাগ সোনকালে সিদ্বান্ত
লোৱাৰ
ব্যৱস্হা কৰিলে সিদুয়োৱে পৰীক্ষা দিলে যদিও
মনপুত নহলপৰীক্ষাৰ শেযৰ
দিনা ভাস্বতীক দিয়া সময়
অনুসৰি অনুৰাগে তাইক পলুৱাই
লৈ গ’ল গুৱাহাটীৰ জু ৰোডত
বন্ধু এজনৰ ঘৰত দুয়োৱে আশ্ৰয়
ল’লেইফালে ভাস্বতী নোহোৱা হোৱাৰ
কথাটোক লৈ সিহঁতৰ ঘৰত
হুৱা দুৱা লাগিল মাক
দেউতাকৰ
কান্দি কাটি অবস্হা নোহোৱা হ’ল
ভাস্বতীৰ
মোমায়েকহঁতে আহি ওচৰৰ
পুলিচ থানাত এজাহাৰ
দিলেদুদিনৰ অন্তত প এজাহাৰ দিলেদুদিনৰ অন্তত
পুলিচে ভাস্বতী আৰু অনুৰাগক
বিচাৰি উলিয়াবলৈ সক্ষম হ’ল
ভাস্বতীৰ বহু অনুনয় বিননয়
স্বত্বেওঁ তাইক ঘৰলৈ ঘূৰাই
অনা হ’লপ্ৰাপ্তবয়স্ক
নোহোৱা বাবে ভাস্বতীয়ে অনুৰাগৰ
সপক্ষে দিয়া ভাস্যওঁ
কোনো কামত নাহিল
অনুৰাগক পুলিছে গ্ৰেপ্তাৰ
কৰি জেললৈ প্ৰেৰণ
কৰিলে প্ৰেমৰ বাবেই
দুটি জীৱনলৈ অমানিশা নামি আহিল
ফুলিব ধৰা ফুল এপাঁহ
কলিতে মৰহি যোৱাৰ
দৰে ভাস্বতী আৰু অনুৰাগৰ অন্তৰ
দুখনো জ্বলি ছাই হৈ গল
ঘৰলৈ অনাৰ পিছত
ভাস্বতীয়ে অনবৰতে কান্দি থকা হ’ল
অত্যাৱশ্যকীয় দুই-এটা কথাৰ
বাহিৰে তাই
কথা বতৰা কোৱা কমাই
দিলে মাক-দেউতাকো তাইক
লৈ দূশ্চিন্তাত পৰিল যথাসময়ত
পৰীক্ষাৰ ফলাফল ওলাল
ভাস্বতীয়ে মাত্ৰ কেইটিমান
নম্বৰৰ বাবে হাইস্কুল
শিক্ষান্ত পৰীক্ষাত প্ৰথম
বিভাগত উত্তীৰ্ণ হ’ব
নোৱাৰিলে মাক
দেউতাকে তাইক ঘৰৰ পৰা আঁতৰৰ
কলেজ এখনত পঢ়ুওৱাৰ
কথা ভাৱিলে যাতে ঘটি যোৱা ঘটনাবোৰ
তাইৰ পাহৰিবলৈ সুবিধা হয়
কথা মতেই কাম তাইক ঘৰৰ
পৰা বহু আতৰৰ কলেজ এখনত নাম
লগাই দিলে এদিনাখন
কলেজখনৰ হোষ্টেলত মাক
দেউতাক আৰু
ভনীয়েকে গৈ তাইক থৈ আহিল
:
ভাস্বতী ¬¬¬¬¬¬¬¬¬¬¬¬¬¬¬¬¬¬----
ৰূমমেট ধৃতিস্মৃতাৰ মাতত
ভাস্বতীৰ সম্বিৎ ঘুৰি আহিল
ইতিমধ্যে হোষ্টেলৰ আন
ছোৱালীবোৰ আহি গোট তীৰ সম্বিৎ ঘুৰি আহিল
ইতিমধ্যে হোষ্টেলৰ আন
ছোৱালীবোৰ আহি গোট
খাইছিল সিহঁতৰ ৰূমটোত
ভাস্বতীয়ে সামান্য অপ্ৰস্তুত
হৈ সিহঁতকেইজনীলৈ ঘুৰি চালে ইতিমধ্যে চকুলোৰে সম্পুৰ্ণৰূপে তিতি উঠিছিল
ভাস্বতীৰ গাল দুখন----জীৱনৰ
ধূঁলিয়ৰি বাটত পোৱা-
নোপোৱাৰ বেদনাৰে
সমাপ্ত
ঠিকনা: বাৰাপেটা, বাক্সা
দূৰভাষ: ৯৭০৬৪৭৩৯০৩
ই-মেইল: kapildas35

Snack's 1967