Polly po-cket

- মোৰ প্ৰেমৰ প্ৰথম জাক বৰষুণ -


- গীত গগৈ -

মই সেইদিন কেইটাত নৱমমান
শ্ৰেণীৰ ছাত্ৰ আছিলোঁ ।
ছমাহৰ আগতে মোৰ দেউতাই
মোক এৰি গুচি গৈছিল
চিৰদিনলৈ । ঘৰৰ
ডাঙৰটো লৰা হিচাপে কি কৰিম
বা মোৰ কি কৰনীয় উৱাদিহ
নাপায় মই বেপেৰুৱা
হৈ পৰিলোঁ । তাতে শাসন
কৰিবলেও কোনো নাই আৰু_
দিনে দিনে মোৰ অধঃপতন
আৰাম্ভ হৈছিল_।


ডঃ ভুপেন হাজৰিকাৰ"
প্ৰেমে বয়স নুবোজে/
প্ৰেমে বয়স-পেয়াৰ নুবোজে"
গীতটোৰে প্ৰতিফলন ঘটিছিল
। পিলিঙা মন তাতে দেউতাক
চিৰদিনৰ বাবে হেৰুৱ।ৰ
বেদনাই যেন কাৰোবাৰ
কোলাত মুৰথৈ দুখবোৰ ভগাব
খুজিছিল আপোন কাৰোবাৰ
সতে_বিভ্ৰান্ত মনটো(ৱও হয়তু
বিচাৰিছিল মনজুৰ পেলোৱ।
গছৰ ছাঁ !!
সেইদিনকেইটাততে তেওঁ
মোৰ জীবনলৈ আহিছিল
মানে মোৰ প্ৰথমজাক প্ৰেমৰ
বৰষুণ, যদিওবা সদায়ে চকুৰ
আগতে তেওঁ আছিল ভন্টী হৈ ।
যেতিয়া তেৱৰপৰাই প্ৰথম
সেই প্ৰস্তাৱ আহিছিল
তেতিয়া যদিও আচৰিত
হৈছিলোঁ কিন্তো হতভম্ব
হলে হোৱ।
নাছিলোঁ যিহেতু তাৰ আগৰ
এসপ্তাহ ধৰি তেৱৰ
উছপিছনি মোৰ চকুত
ধৰা দিছিল ।
যদিওবা আমাৰ প্ৰেম গ্ৰহন
যোগ্য নাছিল(মানে তেওঁ
মোৰ তেতিয়াৰ বেষ্ট
ফেইণ্ডৰ ভনীয়েক আছিল)
তথাপি কিয়জানো মই
সন্মতি প্ৰদান
কৰিলো নিজেই
নাজানিলোঁ । হয়তু দেউতাক
হেৰোৱ।ই নিঃসংগ
হৈ পৰা মইটো(ৱ দুখবোৰ
ভগাবলে কোনোবা সংগীৰ
সন্ধানত আছিল_।


আৰু লাহে লাহে বসন্তৰ
বৰষুণজাক আহিছিল, ফুলবোৰ
মনোমোহাকৈ ফুলিছিল,
চৰাইবোৰে সুৱলাকৈ গান
গাইছিল আৰু আমাৰ
কবিতাটো লহপহকৈ বাঢ়িবলে ধৰিছিল
। দুয়োকে মেৰিয়াই ঘৰ সজাৰ
আগতেই লতাডালৰ গুৰিতেই
কাটি পেলোৱ। হৈছিল আৰু
বৰষুণজাক
এটা কবিতালৈ ৰুপান্তৰিত
হৈছিল_"^^প্ৰেমৰ-এৰাসূঁতি^^^
গীত গগৈ__

প্ৰেম নামৰ জীবন্ত নদীখন
এৰাসূতি হল_
যত মৰিলি তই
মৰিলো মই আৰু
মৰি থাকিল
আমাৰ হিয়াৰ কবিতাটো_

এলাগী বলুকাত ভঙ্গপ্ৰেমৰ
শুকান জীবাষ্ম !!

আপোনাৰ মন্তব্য প্ৰদান কৰক