নীলা খামৰ চিঠি
মৰমৰ প্ৰিয়তমা ,
মৰমৰ বুলি মাতিবলৈ অধিকাৰ
নাই যদিও শেষ বাৰলৈ আবেগৰ
চিঠি খনত "মৰমৰ"
বুলি লিখিছো !নিজান
ৰাতিত তোমালৈ একলম
লিখাৰ অভ্যাস
আগৰে পৰা আছিল যদিও
তুমি নিষ্ঠুৰ ভাবে তাক
নিঃশেষ কৰিলা !আক্ষেপ
এটি চিৰকালৰ বাবেই ৰৈ গ'ল
জানা ?
তথাপি তুমি সুখি হোৱাৰ
স্বাৰ্থতেই আক্ষেপ
বোৰকো জলাঞ্জলি দিলো জীৱনৰ
পৰা !
প্ৰিয়তমা , অৰ্থৰ
অভাৱে জীৱনক কোঙা কৰিব
পাৰে , বেইমানী নিষ্ঠুৰ
সপোনে হৃদয় ভাঙিব পাৰে ,
প্ৰতাৰিত মৰমে যৌৱনৰ
ৰং শেষ কৰিব পাৰে কিন্তু
এলান্ধু
পৰা উৰুখা পঁজাটো জীৱনে হাঁহিব
পাৰে ! তুমি হয়তো সেই
কথা বুজিও নোবোজাৰ
অভিনয়
কৰি আতৰি গ'লা আধুনিকতাৰ
লালসাত ! জিনচ আৰু টি-চাৰ্টৰ
সাজত কেতিয়াবা তোমাক
দেখিলে আচৰিত লাগে ,
একালত তুমিয়েই
জানো এটা গাৱঁলীয়া দুখীয়া ল'ৰাৰ
হিয়াৰ আমঠু নাছিলা ? আৰু
তুমি ? তুমিও যে গাৱঁৰ ধুলি-
বালিত ডাঙৰ হৈছিলা এই
কথা কেনেকৈ পাহৰিলা বাৰু ?
আচৰিত হওঁ জানা তোমাৰ
ব্যৱহাৰত !
কেনেকৈ বিদায়
দিলা মোক ইমান
সহজে তোমাৰ হৃদয়ৰ পৰা ?
বিশ্বাস
ভংগৰ অপৰাধাত শেষ
বাৰলৈ তোমাৰ
এবাৰো বুকু কঁপি উঠা নাছিল
নে ? মই
চোন আজিও পৰা নাই !
তোমাতেই
অৰ্পিত মোৰ প্ৰতিটো উশাহ !
প্ৰিয়তমা ,
আমনি অথবা অতীতলৈ তোমাৰ
হয়তো মনত পৰিছে !
বেয়া নাপাবা ! মই
যে আজি লিখিবলৈ বাধ্য
জীৱনৰ ভগ্ন সপোন বোৰৰ
তাগিদাত ! আৰু বেজাৰ
পালেও অন্তিম বাৰলৈ মোৰ
পৰা আজিয়েই পাবা !
তোমালৈ লিখিবলৈ বহুত
কথাই আছিল ! কিন্তু তোমাক
আমনি কৰো কেনেকৈ ?
তুমি যে আজিও মোৰ মৰমৰ ! আৰু
শব্দ বোৰো হেৰায় যায়
হঠতেই ! শব্দৰ ভঁৰালত শব্দৰ
সংখ্যা মোৰ নিচেই কম ! থক
হ'লে আজি অনুভৱৰ দলিচাত শব্দ
বোৰ ওমলি থাকিল হয় ! শেষত
একাঁজলি মৰম যাঁচিলো !
সুখি হোৱা তুমি !
সুখেৰে থাকা !
সীমনাত
দুৰ্ভগীয়া তোমাৰ এদিনৰ
প্ৰেমিক
"মই"
- ৰাজু কলিতা
(ৰমেন)
7848840173
নীলা খামৰ চিঠি
- প্ৰিন্স নিয়ৰ -
কিমান আপোন
হলে এজনে আনজনক মৰমৰ
বুলি মাতিব পাৰি মই
নাজানো,তথাপিও মই
মাতিছো তোমাক মৰমৰ
বুলি,হয়তো তুমি মই মৰমত
মাতিলে বেয়াও পাব
পাৰা কিন্তু তুমিযে মোৰ
আজিও মৰমৰ।
বুকুভৰি থকা সেই
তুমিজনি যে মোৰ
অতিকে মৰমৰ ।
কেতিযাবা বারু তোমাৰ
মনত পৰেনে সেই
পুৰনি দিনৰ
কথাবোৰলৈ,যেতিয়া
আমি হাহিঁ ধেমালিৰে গোটেই
দিন ফোনত
কথা পাতিছিলো আরু
কথা নাপাতিলেও
যে ফোনটো ইনেই লগাই
ৰাখিছিলো,কাৰন আতিৰ
যে থাকিব
নোৱাৰিছিলে মই
তোমাৰ পৰা এক মুহুত্বও ।
তেতিয়া মনত এনে ভাৱ
হৈছিল তুমি মোক বহুত ভাল
পোৱা,মোক
বুজি পোৱা,মোৰ মৰমৰ
অবিহনে একো নিবিচাৰা।
কিন্তু সেইয়া মোৰ ভুল
আছিল,মিছা আছিল তোমাৰ
মৰমৰ বুকুচাত উঠি জীৱনৰ
বাটত আগবাঢ়ি যাম
বুলি ভৱাটো,নহলে জানো তুমি মোৰ
পৰা আতৰি যোৱা,পলকতে জানো মোৰ
অচিনাকি হৈ পৰা।
এতিয়া মই ঘৃণ কৰো সেই
ভালপোৱাক যি মোক অকল
কান্দিবলৈ শিকালে।
কেতিযাবা বহুত মনত
পৰে তোমাৰ লগত পতা সেই
সরু সরু কথাবোৰলৈ।
জোনবাই দেশৰ
কথাবোৰ,তৰাৰ
হৈতে লোকাভাকো খেলা কথাবোৰ
আরু কি মনত
পৰে জানা আমি যে সাজিচছলো সপোনৰ
সেই
ঘৰখনলৈ,হয়তো তুমি সকলো পাহৰি গলা।
তোমাৰ
হৈতে জোন ,বেলি,তৰাৰ
কথা পাতি মই
যে কেতিয়া তাহাতৰ
প্ৰেমত পৰিলো মই গমেই
নাপালো।
এতিয়া ভাৱিছো মানুহৰ
প্ৰেমতকৈ তৰাৰ প্ৰেম
নিস্বার্থ কাৰন
যেতিয়া তৰা এটা ভাগি যায়
সি মানুহৰ মনৰ আশা পূৰণ
কৰে কিন্তু যেতিয়া এখন
হৃদয় ভাগি যায়
তেতিয়া সি অকল মনত দুষ
সে দি যায়।তোমাৰ লগত
কথা পাতোতে ভৱা নাছিলো তুমি মোক
এটা সামান্য
কথাতে এৰি যাবা বুলি,ভৱা নাছিলে মই
তোমাৰ বাবে হৈ পৰিম
এপাহি সুবাস
নোহোৱা গোলাপৰ
দৰে।মোৰ মন মোৰ হৃদয়ক
চিঙি ভাঙি আতৰি গলা আনৰ
কাষলৈ দৈশিক সুবাস
বিচাৰি।তথাপি আজিও
মোৰ বুকু
জুৰি মাথো তুমিয়েই
আছা,আগৰ সেই তুমিজনিক
আজিও মই এতিয়াও ভাল
পাঁও।আজি তুমি নথকাৰ
বাবে সকলো উরুঙা হৈ পৰিছে।
প্ৰতি দিন প্ৰতি পল
তোমাৰ স্মৃতিবোৰ বুকুত
লৈ জীয়াই আছো।
আজি মোৰ জীৱনৰ
সংগি মাথো দুচকুৰ
দুধাৰী চকুলো।আকাশৰ
জোন,বেলি আজি মোৰ
প্ৰতিটোপাল চকুলোৰ
সাক্ষী।জোনাকো ভাল
নালাগেছোন তোমাৰ
অবিহনে,আন্ধাৰত হাত বুলাই
চাওঁ কিজানি তোমাৰ
স্পৰ্শ পাও।শিতৰ
বতাহজাকে চুই
যোৱা মোৰ দেহত
তোমাৰ অস্থিত্ব অনুভৱ
কৰো।শিতানৰ
গাৰুটোৱেও আজি তোমাৰ
অভাৱ অনুভৱ কৰে।আজিও মই
তোমাৰ অপেক্ষাত
ৰৈ আছো,যদি কেতিয়াবা তোমাৰ
অতিতলৈ মনত
পৰে তেন্তে নিসংকোচে হৃদয়ৰ
দুৱাৰেদি সোমাই
আহিবা মোৰ এই
ভগা জুপুৰিতোলৈ।তোমাৰ
বাবে মোৰ হৃদয়ৰ দুৱাৰ
সদায় খোলা থাকিব।
শেষত তুমি পুনৰ ঘুৰি অহাৰ
অপেক্ষাত স্মৃতিৰ দুৱাৰ
ডলিত ৰৈ থাকিম
অকলশৰে নিজানত,কাৰন
তুমিযে মোৰ,মোৰ
মৰমৰ.......................